প্ৰেম আৰু ত্যাগ: এক অৱহেলিত অনুভূতিৰ বেদনা

প্ৰেম আৰু ত্যাগ: এক অৱহেলিত অনুভূতিৰ বেদনা

প্ৰেম আৰু ত্যাগ: এক অৱহেলিত অনুভূতিৰ বেদনা


প্ৰেম মানে যদি কেৱল পোৱাৰ হেঁপাহেই নহয়, তেন্তে সেই প্ৰেমেই আটাইতকৈ গভীৰ য'ত আপুনি কাৰোবাৰ বাবে নিজৰ সুখক উচৰ্গা কৰে। সঁচা প্ৰেমত, আপুনি নিস্বাৰ্থভাৱে নিজৰ সকলো সঁপি দিয়ে, এই আশাৰে যে আপুনিও তাৰ সলনি মৰমৰ অলপ উম পাব। কিন্তু সকলো সময়তে বাস্তৱ এনেকুৱা নহয়। 

যেতিয়া আপুনি কাৰোবাৰ হাঁহিৰ কাৰণে নিজৰ দুখকো আঁকোৱালি লয়, তেতিয়া আশা থাকে যে সেই ত্যাগৰ মূল্য দিয়া হ'ব। আপুনি দুগুণ মৰম আগবঢ়ায়, প্ৰতিটো পলতে আপোনাৰ উপস্থিতিৰে তেওঁৰ জীৱন পূৰ্ণ কৰিব বিচাৰে, কিন্তু তেওঁ মাত্ৰ আঁতৰি যায়। আপোনাৰ সেই গভীৰ অনুভূতিবোৰ, সেই নিৰ্জন ত্যাগবোৰ তেওঁৰ বাবে এক অৱহেলাৰ চাদৰ হৈ পৰে। 

এইটোৱেই আজিৰ সময়ৰ এক কঠোৰ সত্য। কিছুমান সম্পৰ্কত, এজন মানুহে নিজৰ সকলো হৃদয়, সময়, আৰু আত্মা ঢালি দিয়ে, আনজনে ইয়াক সাধাৰণ বুলি ধৰি লয়। আপুনি যেতিয়া নিৰন্তৰে মৰম বিচাৰে, তেওঁৰ প্ৰতিটো সৰু কথাতে যত্ন লয়, তেওঁৰ মনটোৰ কথা বুজিবলৈ চেষ্টা কৰে, কিন্তু তাৰ পৰিৱৰ্তে কেৱল শীতলতা আৰু উপেক্ষা লাভ কৰে – সেই যন্ত্ৰণা বুজাবলৈ কোনো শব্দ নাই। আপোনাৰ মৰমে তেওঁৰ জীৱনত কোনো মূল্য নোপোৱাৰ যি বেদনা, সেয়া অন্তৰাত্মাক বিন্ধি যোৱা শূলৰ দৰে। 

প্ৰেমে যেতিয়া কেৱল একপক্ষীয় হয়, আৰু আপোনাৰ ত্যাগৰ বিনিময়ত কেৱল উপেক্ষা ঘূৰি আহে, তেতিয়া প্ৰেমৰ সেই সুন্দৰ সপোনবোৰ ছাই হৈ উৰি যায়। সেই মুহূৰ্তত মনলৈ এই চিন্তাটো আহে যে কিয় মই ইমান দিলোঁ? কিয় মোৰ মৰমক ইমান সহজভাৱে ল'লে? কিন্তু কিয়নো আপুনি প্ৰেম কৰিছিল, সেয়ে হয়তো এই উত্তৰহীন প্ৰশ্নবোৰো আপোনাৰ জীৱনৰ অংশ হৈ পৰে। 


✍🏻 জ্ঞানজ্যোতি নাথ

Comments