প্ৰতাৰণাৰ প্ৰেম

প্ৰতাৰণাৰ প্ৰেম

প্ৰতাৰণাৰ প্ৰেম


এইটো দুখৰ এনে এক ৰং, য'ত বিশ্বাসৰ ঘৰটো ভেটিৰ পৰাই ভাঙি যায়। আপুনি কাৰোবাক আপোনাৰ জীৱনৰ পোহৰ বুলি ভাবিছিল, কিন্তু আচলতে তেওঁ আছিল গভীৰ ৰাতিৰ এন্ধাৰ। তেওঁৰ মিছা মৰমবোৰ আছিল যেন বৰষুণৰ মাজত দেখা এটা সপোন – যি শেষ হোৱাৰ পাছত কেৱল শুকান মাটি আৰু বুকুৰ খালীভাৱটোহে এৰি যায়। 

যাক আপুনি নিজৰ আত্মাৰ অংশ কৰি লৈছিল, তেওঁ কেতিয়াও আপোনাৰ নাছিলেই। তেওঁৰ হৃদয় আন কাৰোবাৰ বাবে ৰক্ষিত আছিল, আৰু আপুনি আছিল মাথোঁ এটা ক্ষণস্থায়ী ভ্ৰমৰ পোহৰ। এই কথাটোৱে বুকুৰ মাজত এক গভীৰ বিষৰ সৃষ্টি কৰে, যি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। মন যায়, এই সকলোবোৰ মিছা হওক, এটা বেয়া সপোন হওক। কিন্তু নহয়, এইটোৱেই জীৱনৰ কঠোৰ সত্য। 

যেতিয়া সেই প্ৰৱঞ্চকজনৰ মুখাখন খহি পৰে, তেতিয়া অনুভৱ হয় যে প্ৰেমৰ নামত আপুনি কিমান ডাঙৰ ভুল কৰিছিল। যি মৰমে আপোনাক জুৰ পেলাব লাগিছিল, সিয়েই এতিয়া আপোনাক ভিতৰৰ পৰা জ্বলাই দিছে। প্ৰতিটো স্মৃতিয়ে এতিয়া কাঁচৰ দৰে বিন্ধিছে, আৰু আপুনি ভাবিবলৈ বাধ্য হৈছে - প্ৰকৃত মৰম জানো এনেকুৱা হয়? ই কেৱল এক আৱেগিক খেল আছিল, য’ত আপুনি পৰাজিত হ’ল। 

তথাপি, এই দুখৰ মাজতো এটা সৰু শিক্ষা লুকাই আছে। এই প্ৰৱঞ্চনাই আপোনাক শিকাই গ'ল যে কাৰোবাক ভালপোৱাৰ আগতে নিজক ভাল পাব লাগে। চকু মুদি বিশ্বাস কৰাৰ মূল্য কিমান বেছি হ'ব পাৰে, সেয়া আপুনি আজি অনুভৱ কৰিলে। এই বিষটোৱেই এদিন আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আপুনি কান্দিব, কিন্তু পুনৰ থিয় হ'ব। 


✍🏻 জ্ঞানজ্যোতি নাথ

Comments