এজন ল’ৰাৰ মনৰ অব্যক্ত দস্তাবেজ
এজন ল’ৰাৰ মনৰ অব্যক্ত দস্তাবেজ
ল’ৰাবোৰৰ মনৰ নিভৃত কোণত একুৰা ধিমিক-ধামাককৈ জ্বলি থকা জুই থাকে, যাৰ উত্তাপ কেৱল তেওঁলোকেহে অনুভৱ কৰে । তেওঁলোকৰ হাঁহিবোৰ প্ৰায়েই একোখন মুখা, যাৰ আঁৰত লুকাই থাকে হেজাৰটা অব্যক্ত বেদনা আৰু দায়িত্বৰ গধুৰ বোজা । সৰুতেই শিকোৱা হয় যে "ল’ৰাই কান্দিব নাপায়," আৰু সেইবাবেই হয়তো তেওঁলোকে নিজৰ দুখবোৰক চকুলোৰ পৰিৱৰ্তে মৌনতাৰে গিলি থবলৈ শিকে ।
এটি ল’ৰাৰ মনস্তত্ত্ব বুজাটো বৰ কঠিন; কাৰণ তেওঁলোকে নিজৰ ব্যক্তিগত সপোনবোৰক পৰিয়ালৰ সুখৰ বাবে অতি সহজে বিসৰ্জন দিব পাৰে । বাহিৰৰ পৰা তেওঁলোকক যিমানেই কঠিন যেন নালাগক কিয়, ভিতৰি তেওঁলোক অত্যন্ত কোমল আৰু আৱেগিক । তেওঁলোকৰ সংগ্ৰামবোৰ নীৰৱ; কেতিয়াবা হয়তো নিজৰ প্ৰিয়তমাৰ বিচ্ছেদৰ যন্ত্ৰণা, কেতিয়াবা আকৌ বৃদ্ধ পিতৃ-মাতৃৰ গধুৰ দায়িত্ব, এই সকলোবোৰৰ মাজত তেওঁলোকে নিজৰ অস্তিত্ব বিচাৰি হাবাথুৰি খায় । ল’ৰাবোৰৰ বাবে জীৱনটো কেৱল জীয়াই থকা নহয়, বৰঞ্চ নিজক প্ৰমাণ কৰাৰ এক নিৰন্তৰ যুঁজ । তেওঁলোকে নিজৰ বাবে নহয়, আপোনজনৰ হাঁহিটোৰ বাবে হেজাৰটা কণ্টকময় পথ অতিক্ৰম কৰিবলৈ সদায় সাজু থাকে । দিনৰ পোহৰত তেওঁলোক আত্মবিশ্বাসেৰে ভৰা এজন ব্যক্তি, কিন্তু নিশাৰ অন্ধকাৰত তেওঁলোকো এজন নিঃসংগ যুঁজাৰু, যিয়ে নিজৰ ভাগ্যৰ সৈতে তৰ্ক কৰে ।
এই নিষ্ঠুৰ পৃথিৱীখনে ল’ৰাবোৰৰ পৰা সদায় বলিষ্ঠতা বিচাৰে, কিন্তু কোনোবাই কেতিয়াবা তেওঁলোকৰ ভাগৰুৱা চকুহাললৈ চাই সুধিছেনে - "তুমি ঠিকে আছানে ?" এই সুধিব নোৱাৰা প্ৰশ্নবোৰৰ মাজতেই এজন ল’ৰাৰ প্ৰকৃত আৱেগ আৰু মানসিকতা লুকাই থাকে । তেওঁলোকৰ জীৱনটো ত্যাগ আৰু ধৈৰ্য্যৰ এক নিৰুপম মহাকাব্য য’ত প্ৰেম, দায়িত্ব অনিবাৰ্য্য ।
✍🏻 জ্ঞানজ্যোতি নাথ

Comments
Post a Comment