সমাজৰ দৃষ্টি: জীৱনৰ অদৃশ্য শিকলি

সমাজৰ দৃষ্টি: জীৱনৰ অদৃশ্য শিকলি

 সমাজৰ দৃষ্টি: জীৱনৰ অদৃশ্য শিকলি


এই সমাজৰ দৃষ্টি কি? ই কেৱল চাৰিজন মানুহৰ উক্তি নহয়; ই এনে এটি অদৃশ্য শিকলি যিয়ে আমাৰ প্ৰতিটো খোজ, আমাৰ প্ৰতিটো সপোনক বান্ধি ৰাখিব খোজে। জন্মৰ পৰাই আমি এই দৃষ্টিৰ বোজা কঢ়িয়াবলৈ বাধ্য হওঁ। আমি কেনে পোছাক পিন্ধিম, কাৰ সৈতে কথা পাতিম, কোনটো কাম বাছনি কৰিম—প্ৰতিটো সিদ্ধান্তই সমাজৰ মানদণ্ডৰ তুলাচনীত জুখি চোৱা হয়। 

আমাৰ সহজ জীৱনটো হৈ পৰে এটি নাটকৰ মঞ্চ, য'ত আমি প্ৰতিদিনে আনৰ সন্তুষ্টিৰ বাবে অভিনয় কৰিবলৈ বাধ্য হওঁ। ভয় হয়, যদিহে মই মোৰ আচৰিত সপোনটো পূৰণ কৰিবলৈ ওলাওঁ, তেন্তে চাগে এই সমাজৰ ককৰ্থনাৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ ফলত কি হয়? বহুতেই নিজৰ প্ৰকৃত সত্তাক লুকুৱাই ৰাখে, নিজৰ হৃদয়ৰ মাতটো শুনিবলৈ এৰি দিয়ে। জীৱনটো হৈ পৰে এটি সৰু, সংকুচিত কোঠালী - য'ত নিজৰ ইচ্ছাবোৰক উশাহ ল'বলৈ দিয়া নহয়। 

কিন্তু এই সমাজৰ দৃষ্টি আচলতে কিমান শক্তিশালী? ই আচলতে কেৱল ভয়ৰ এটি প্ৰতিফলন হে। যিসকলে নিজৰ জীৱনৰ পথ নিজে বাছি লয়, তেওঁলোকে কিছু সময়ৰ বাবে সমালোচনাৰ বলি হয় সঁচা, কিন্তু তেওঁলোকে আত্মসন্তুষ্টিৰ এক বিশাল আকাশ লাভ কৰে। মনত ৰাখিব: যি দৃষ্টিয়ে আপোনাৰ প্ৰকৃত আনন্দক হৰণ কৰে, সেই দৃষ্টিক উপেক্ষা কৰিবলৈ শিকক। কাৰণ জীৱনটো আপোনাৰ, আৰু ইয়াৰ প্ৰতিটো দিন, প্ৰতিটো ভুল, আৰু প্ৰতিটো সফলতাৰ বাবে আপুনি নিজে উত্তৰদায়ী হ'ব লাগিব, আন কোনেও নহয়। নিজৰ পথৰ শলিতা নিজে জ্বলাওক।


✍🏻 জ্ঞানজ্যোতি নাথ

Comments