সময়ৰ সোঁতত হেৰুৱা বিশ্বাস আৰু সলনি হোৱা মানুহ

✍🏻 জ্ঞানজ্যোতি নাথ

সময়ৰ সোঁতত হেৰুৱা বিশ্বাস আৰু সলনি হোৱা মানুহ


জীৱনৰ আটাইতকৈ নিষ্ঠুৰ সত্যটো কি জানেনে? আমি যাৰ ওপৰত অন্ধৰ দৰে বিশ্বাস কৰোঁ, যিজন মানুহক আমি আমাৰ পৃথিৱী বুলি ভাবি লওঁ, সময়ৰ পাকচক্ৰত সেই মানুহজনেই এদিন আমাৰ অচিনাকি হৈ পৰে। আৰম্ভণিতে সকলোবোৰ বৰ ধুনীয়া যেন লাগে— সপোন যেন লগা প্ৰতিশ্ৰুতি, কেতিয়াও এৰি নোযোৱাৰ শপত আৰু মিঠা কথাবোৰ। আমি সৰল মনেৰে ভাবি লওঁ যে এই মানুহজন আনৰ দৰে নহয়, এওঁ ব্যতিক্ৰম। 

আমি আমাৰ হৃদয়ৰ দুৱাৰ খুলি দিওঁ, নিজৰ হাঁহি-কান্দোন, গোপন কথা আৰু ভৱিষ্যত সকলো তেওঁৰ হাতত তুলি দিওঁ। কিন্তু আমি পাহৰি যাওঁ যে মানুহৰ মন বতৰৰ দৰে, যি কেতিয়া সলনি হ'ব কোনেও ক'ব নোৱাৰে। লাহে লাহে গুৰুত্ব কমি আহে, অজুহাত বাঢ়ি যায়। যিজন মানুহে এদিন আমাৰ এটা মাত শুনিবলৈ ব্যাকুল হৈছিল, আজি তেওঁৰ বাবে আমি আমনিদায়ক হৈ পৰোঁ। 

আচলতে মানুহ সলনি নহয়, সময়ৰ লগে লগে তেওঁলোকৰ মুখৰ মুখাখনহে খোল খাই পৰে। দুখ তেতিয়া লাগে, যেতিয়া আমি অনুভৱ কৰোঁ যে আমি ভালপোৱা মানুহজন আৰু আমাক আঘাত দিয়া মানুহজন একেজনেই আছিল। আমি প্ৰশ্ন কৰিব নোৱাৰোঁ, অভিযোগো কৰিব নোৱাৰোঁ। কেৱল নীৰৱে নিজকে প্ৰশ্ন কৰোঁ— "মোৰেই কিবা ভুল আছিল নেকি?" নে "মই চিনাত ভুল কৰিলো?" 

বিশ্বাস ভঙাৰ শব্দ নহয়, কিন্তু ইয়াৰ কম্পন গোটেই জীৱনলৈ থাকি যায়। আমি হয়তো তেওঁলোকক ক্ষমা কৰি দিওঁ, কিন্তু সেই ভঙা বিশ্বাস আৰু হেৰুৱা সৰলতাখিনি কেতিয়াও ঘূৰাই নাপাওঁ। দিনৰ পোহৰত আমি হাঁহি থাকোঁ, কিন্তু ৰাতিৰ নিৰ্জনতাত কেৱল সেই সলনি হোৱা মানুহজনৰ কথাই আমাক খুন্দিয়াই থাকে। শেষত কেৱল এটাই কথা মনলৈ আহে— আমি ইমান সহজ আছিলো বাবেই চাগে তেওঁলোকে আমাক খেলাৰ পুতলা বুলি ভাবিলে। 


✍🏻 জ্ঞানজ্যোতি নাথ


Comments