জীৱনৰ বাস্তৱতা: সপোন আৰু সত্যৰ কঠিন দোমোজা

✍🏻 জ্ঞানজ্যোতি নাথ

জীৱনৰ বাস্তৱতা: সপোন আৰু সত্যৰ কঠিন দোমোজা


জীৱন এক এনেকুৱা কিতাপ, যাৰ প্ৰতিটো পৃষ্ঠাত নতুন নতুন কাহিনী লিখা থাকে। আমি কেতিয়াবা ভাবো জীৱনটো আমাৰ পৰিকল্পনা মতে চলিব, কিন্তু বাস্তৱত ই কেতিয়াবা আমাক এনেকুৱা এটা অৱস্থালৈ লৈ যায়, যিটো আমি কেতিয়াও কল্পনাও কৰা নাছিলো। সপোনবোৰ যেতিয়া বাস্তৱৰ পাথৰত খুন্দা খাই ভাগি যায়, তেতিয়াই আমি জীৱনৰ আচল ৰূপটো দেখা পাওঁ। 

মানুহৰ জীৱনটো এটা মৰীচিকাৰ দৰে। আমি সুখৰ পাছত দৌৰি ফুৰোঁ, কিন্তু সুখবোৰ ক্ষন্তেকীয়া। বিপৰীতে, দুখবোৰ যেন আমাৰ চিৰলগৰী। আমি যাক আপোন বুলি বুকুৰ মাজত সাৱটি ৰাখিবলৈ বিচাৰোঁ, সময়ে কেতিয়াবা তেওঁলোককেই আমাৰ পৰা বহু দূৰলৈ ঠেলি দিয়ে। এই পৃথিৱীত কোনেও কাৰো বাবে ৰৈ নাথাকে, সময়ৰ সোঁতত সকলো সলনি হৈ যায়। আচলতে, আমি এই পৃথিৱীলৈ অকলশৰে আহিছিলো আৰু অকলশৰেই যাব লাগিব— এয়াই জীৱনৰ আটাইতকৈ ডাঙৰ আৰু নিৰ্মম সত্য।

মানুহৰ মুখবোৰো বিচিত্ৰ। আপোনাৰ ভাল সময়ত আপোনাৰ ছাঁটোৰ দৰে লগত থকা মানুহবোৰ, আপোনাৰ বেয়া সময়ত কেনেকৈ অচিনাকি হৈ পৰে, সেয়া দেখিলে আপুনি আচৰিত হ'ব। প্ৰয়োজনত আপোন হোৱা আৰু প্ৰয়োজন শেষ হ'লে অচিনাকি হোৱা মানুহবোৰেই আমাক জীৱনৰ আচল পাঠ শিকায়। বিশ্বাসৰ আধাৰত গঢ়ি উঠা সম্পৰ্কবোৰ যেতিয়া স্বাৰ্থৰ আঘাতত জহি খহি যায়, তেতিয়া হৃদয়ে অনুভৱ কৰে বাস্তৱ কিমান নিষ্ঠুৰ হ'ব পাৰে। 

তথাপিও, জীৱন মানেই থমকি ৰোৱা নহয়। হাজাৰটা ধুমুহাৰ মাজতো নিজক জীয়াই ৰখাৰ নামেই জীৱন। উজুটি খোৱাটো ডাঙৰ কথা নহয়, উজুটি খাই পুনৰ উঠি থিয় হোৱাতহে জীৱনৰ সাৰ্থকতা আছে। যি নাই তাৰ বাবে হাহাকাৰ কৰাতকৈ, যি আছে তাক লৈয়ে সন্তুষ্ট থকাটোৱেই প্ৰকৃত সুখ। বাস্তৱ যিমানেই তিতা নহওক কিয়, তাক গ্ৰহণ কৰি আগুৱাই যোৱাজনেই প্ৰকৃত যুঁজাৰু। জীৱনৰ এই ৰণক্ষেত্ৰত হাঁহি মুখেৰে যুঁজি যোৱাতোৱেই আমাৰ ধৰ্ম।


✍🏻 জ্ঞানজ্যোতি নাথ

Comments