প্ৰেম: ক্ষমাৰ অবিহনে ই এক শুকান নদী
প্ৰেম: ক্ষমাৰ অবিহনে ই এক শুকান নদী
প্ৰেমৰ ভেটি বিশ্বাস, কিন্তু ইয়াৰ আত্মা হ’ল ক্ষমা। জীৱন যাত্ৰাত প্ৰতিজন মানুহেই ভুল কৰে। কেতিয়াবা সেই ভুলবোৰ ইমান গভীৰ হয় যে সম্পৰ্কৰ সূতাডাল ছিঙি যোৱাৰ উপক্ৰম হয়। তেতিয়াই মনলৈ আহে এই কঠিন প্ৰশ্নটো: আমি সঁচাকৈয়ে কিমান দূৰলৈকে ভাল পাব পাৰোঁ? কিমান গভীৰ আঘাতৰ পিছতো সম্পৰ্ক ৰাখিব পাৰোঁ?
সম্পৰ্কত ভুল হ'বই , কেতিয়াবা অজানিতে আৰু কেতিয়াবা আবেগৰ ভৰত । কিন্তু আমি সেই ভুলৰ বাবেই ইজনে সিজনক আঘাত দিওঁ ।
আঘাত হিচাপে আঘাতৰ চিনবোৰ ইমানেই গভীৰ হয় যে বুকুৰ কোনোবা এটা কোণত সেইবোৰ দীৰ্ঘদিনলৈ ৰৈ যায়। কিন্তু প্ৰকৃত প্ৰেমে এই আঘাতবোৰক লৈয়েই জীয়াই থাকিবলৈ শিকে। ইয়াৰ বাবেই প্ৰয়োজন হয় "ক্ষমাৰ"। এই ক্ষমা কোনো চুক্তি নহয়, য'ত 'তুমি ভুল কৰিলা, মই ক্ষমা কৰিলোঁ' বুলি এটা হিচাপ শেষ হয়। নহয়, ই তাতকৈ বহুত গভীৰ। ই হ'ল পুৰণি অতীত পাহৰাৰ এক নিৰন্তৰ চেষ্টা । ই হ'ল সেই বিষাক্ত স্মৃতিবোৰক মনৰ পৰা আঁতৰাই বৰ্তমানক আকৌ এবাৰ আঁকোৱালি লোৱাৰ প্ৰয়াস। ক্ষমা কৰিবলৈ চেষ্টা কৰাটোৱেই প্ৰেমৰ আটাইতকৈ ডাঙৰ পৰীক্ষা।
ক্ষমা এক চুক্তি নহয়, বৰং ই হৃদয়েৰে অহা এক স্বতঃস্ফূৰ্ত্ত মুক্তি নিজৰ বাবেও আৰু আনজনৰ বাবেও। এই ক্ষমাই অতীতক সম্পূৰ্ণৰূপে পাহৰি যোৱাৰ এক চেষ্টা কৰিবলৈ সাহস যোগায়। ই কব খোজে যে, "যদিও মই আঘাত পাইছোঁ, তথাপি তোমাক হেৰুৱাবলৈ নিবিচাৰোঁ।" প্ৰেমে এই দৃঢ়তা দিয়ে যে বৰ্তমানৰ শান্তি অতীতৰ দুখতকৈ অধিক মূল্যৱান। এই ক্ষমাৰ শক্তিয়েই এজন ব্যক্তিক আনজনৰ অপূৰ্ণতাৰ সৈতে জীয়াই থাকিবলৈ শিকায়, আৰু ইয়াৰেই যোগেদি সম্পৰ্কবোৰ অধিক সঁচা আৰু গভীৰ হয়।
যেতিয়া আপুনি কাৰোবাক ক্ষমা কৰিবলৈ চেষ্টা কৰে, আপুনি তেওঁক নহয়, প্ৰথমে নিজকে মুক্ত কৰে। সেই ক্ষোভৰ জুইকুৰাৰ পৰা নিজকে উলিয়াই আনে। ই হৃদয়ৰ পৰা অহা এক স্বতঃস্ফূৰ্ত্ত মুক্তি... যি মুক্তিয়ে সম্পৰ্কটোক পুনৰ উশাহ ল'বলৈ দিয়ে। ক্ষমাৰ অবিহনে প্ৰেম কেৱল এটা স্মৃতি হৈ ৰ'ব, জীৱন্ত অনুভৱ নহয়।
✍🏻 জ্ঞানজ্যোতি নাথ

Comments
Post a Comment